Thursday, June 25, 2015

সাহিত্য পৃষ্ঠা

ছুটিগল্পঃ
 ১. ছেণ্ডেলঃ নীলাঞ্জনা মহন্ত

জীৱনৰ অনুভৱঃ
১. কামৰ সৰু বৰ নাইঃ নিপুল মেধি 
২. মিঠা পুখুৰীৰ পৰা বিশ্বৰ সকলোতকৈ সৰু বাতানুকূল যন্ত্ৰলৈঃ অজয় লাল দত্ত
--------------------------------------------------------------------------------------------------------
অনুভৱঃ
জীৱনৰ লক্ষ্যঃ অলপ তললৈ নামিবানে মাইনা?
#অজয় লাল দত্ত
(১)
ৰাছিয়াতে জন্ম হোৱা মোৰ মামাৰ ল’ৰাটো খুৱেই তীক্ষ্ণ৷ কিবা আন্তৰ্জাতিক চাইন্স অলিম্পিয়াডতো চাৰ্টিফিকেট পাইছে ৷ এতিয়া দিল্লীত৷ ডিপিএছত প্ৰথম দহটাতে থাকে৷ এইবাৰ জানো-নাইনত নে টেনত৷ তাক সুধিলো- জীৱনৰ লক্ষ্য, এষ্ট্ৰোন’মি পঢ়াতো ৷ নিজকে ক’লো, অ’কে বাবা অ’কে!
(২)
এইবাৰ ঘৰলৈ যাওঁতে ট্ৰেইনত পৰিয়াল এটাৰ সতে গ’লো, এয়াৰফৰ্চত বদলি হৈ গৈছে অসমলৈ ৷ গুৱাহাটীৰ সমীপতে মায়ংৰ ফালে থকা এয়াৰফৰ্চৰ বেচটোলৈ ৷ ছোৱালীজনী এইবাৰ টেনত, নাম সুগন্ধা গাৰ্গ ৷ সপ্ৰতিভ ছোৱালীজনীয়ে মাজে মাজে কিতাপ আদি উলিয়াই পঢ়ে ৷ চকু দিলো, বিবেকানন্দৰ জীৱন দৰ্শনৰ কিতাপ ৷ ভাল লাগি হ’ল৷

 ভায়েকজন সপ্তমমান শ্ৰেণীত পঢ়ে, সিও তাতে কেন্দ্ৰীয় বিদ্যালয়তে পঢ়িব ৷ ভায়েকক মাজে মাজে সাধুকথা বোৰৰ ওপৰত তাই প্ৰশ্ন সুধি কুইজ খেলি আহিছে ৷ পৌৰাণিক সাধু কথাৰ পৰা ধৰি বিভিন্ন ভাৰতীয় পৰম্পৰাৰ সতে জড়িত প্ৰশ্ন ৷ 

সৰু আন ছোৱালী এজনীও (তেওঁলোকৰ লগতে অহা আন পৰিয়ালৰ) আহি ওলালহি, তাই আকৌ সেইবোৰৰ উত্তৰ নাজানে ৷ এইবাৰ আৰম্ভ কৰিলে আন এক কুইজ, আমেৰিকা সম্বন্ধীয়, সেই পৌৰাণিক সাধুৰ কথা নজনা কনমানিয়ে এইবাৰ তপৰাই উত্তৰ দি গ’ল ৷ 

এবাৰ চেগ বুলি সুগন্ধাক সুধিলো, তোমাৰ লক্ষ্য, উত্তৰ একেই স্পেছ! মনতে ভাবিলো, দেউতাকেই যেতিয়া এয়াৰ ফৰ্চৰ, তেন্তে জীয়াৰীটো এখোপ আগুৱাই স্পেচেই পাবগৈ লাগিব ৷
(৩)

সিদিনাও অসমৰ মেট্ৰিকৰ, উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিনা, টিভিৰ পৰ্দাত আমাৰ বোৰ ঠাইতো দেখিলো, নতুন চামৰ বহুতেই মহাকাশচাৰী হবলৈ বিচাৰিছে৷ নহলেও অন্তত স্পেচ ইঞ্জিনীয়াৰ, নাচাতেই কাম কৰিব!
ইচৰোও লক্ষ্যত নায়েই!

 সৰু-সুৰা চিভিল ইঞ্জিনীয়াৰ হৈ নদীবোৰকে বোলে নাকী লগাম, মাইনিং ইঞ্জিনীয়াৰ হৈ বোলে দেশক খনিজ সম্পদকে আহৰণ কৰি দিম, বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিকচ পঢ়ি বোলে সৌৰ শক্তিৰে পৃথিৱী উজলাম...নাই, মাটিতেই খোজ নিদিয়ে ৰাইজে! মেডিকেল পঢ়ি মানুহৰ দুখকে আঁতৰাবলৈ গৱেষণা কৰি নতুন আৱিস্কাৰেৰে নতুন পথ মোকোলাম! নাই!

মাটি, পানী, বায়ু তথা বায়ুমণ্ডলে আগুৰা আকাশখনৰ তলতে পৃথিৱীত কৰিব লগা অসংখ্য কাম আছে ৷ নিজৰ ঘৰ, পিতৃ-মাতৃ-পৰিয়াল-ভাই-ভনী প্ৰতি পালন কৰিব লগা অলেখ দ্বায়িত্ব আছে৷ সমাজৰ প্ৰতি, সংস্কৃতিৰ প্ৰতিও কৰিব লগা বহুত আছে৷ ইয়াৰে মাটি, পানী, বায়ু, ফল, ফুলৰ ৰস-গোন্ধ আদিৰ মাজতে পাব পৰা অফুৰন্ত আনন্দ প্ৰাপ্তিৰ সম্ভাৱনা আছে ৷ "মই গান্ধীজীৰ দৰে হম" বুলি দেশৰ সেৱা কৰা মহান নেতা সকলৰ জীৱনীৰে, আদৰ্শৰে উদ্বুদ্ধ হব পৰাকৈ কবিতা আছে, দেহ-মন শাঁত পেলাব পৰাকৈ লোক-গীত, ঢোল-তাল, পেঁপা, বাঁহীৰ সুৰ আছে, বৰণীয়া কলা-সংস্কৃতি আছে ৷ মাটি, পানীৰ সুৱাস আছে...

সেই সকলোবোৰ এৰি, চৌপাশৰ পৃথিৱীখনলৈকে নজৰ নিদিয়াকৈ যেন এজাক কনমানিক কোঠাৰ ভিতৰত পঢ়াৰ টেবুলত মাক-দেউতাকে গৌৰৱ কৰিব পৰা অলীক কেৰিয়াৰৰ সপোন গুজি দিছে ৷ এই পৃথিৱীৰ বস্তুবোৰৰ যেন কোনো অৰ্থই নাই, স্পেচলৈ নগলে, মহাকাশ বিজ্ঞানী নহ’লে যেন অৰ্থই নাই, তেনে এক ধাৰণা তুলি দিছে.....
(৪)
সিদিনা, ফেচবুকতে এগৰাকী লেখিকাই আহ্বান জনাইছিল, জীৱনত যিয়েই নকৰা লাগিলে, অন্ততঃ মা, মাটি আৰু মানুহৰ সতে সম্পৰ্কটো পাহৰি নাযাবা বুলি ৷ সেই কথাষাৰে যথেষ্ট সাৰমৰ্ম বহন কৰিছে৷

সেই সুৰতেই যেন অতি উচ্চাকাংখ্যা বহন কৰা অভিভাৱক সকল, তথা কথাই প্ৰতি স্পেচলৈ যাবলৈ ডেউকা মেলি থকা সকলক কবলৈ মন গৈছে, অলপ তললৈ নামিবানে মাইনা৷ অলপ তলতে এখন নীলা আকাশ আছে, তাৰ তলত এখন সুন্দৰ পৃথিৱী, আৰু তাতে প্ৰকৃতিৰ অনুপম দানবোৰ৷ তাতেই মানৱীয় গুণেৰে প্ৰথমে ভাল মানুহ হোৱা, মানৱ জাতিৰ দুখ দুৰ্গতি কমোৱাৰ বাবেই নিজৰ প্ৰতিভাক কামত খটুৱা৷ স্পেচলৈ পাছত "কমাৰ্চিয়েল যানটো" গৈ এপাক মাৰি আহিবা কিনো কথা ৷ তেনেকুৱা ট্ৰীপটো আৰম্ভ হবলৈ গৈয়েই আছে.....


----------------------


ধ্ৰুৱজ্যোতি শইকীয়াৰ 
কবিতাৰে-পদ্যৰেঃ 
দৰৱ

বুকুৰ বিষ…
আজি কেবাদিনো হ'ল…

ডাক্তৰে ক'লে,
"চিন্তাৰ বিষয় নহয়,
বুকুৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰেমে শিবিৰ পাতিছে,
সপোনে গজালি মেলিছে…
মুখত কবিতা ফুটিছে…"

ডাক্তৰৰ কথা সম্পূৰ্ণ হোৱাৰ আগেয়ে কলো,
হয়তো ৰিপৰ্টখন মোৰ নহয়…
মনেমনে এবাৰ পত্নীৰ ফালে চালো,
তেওঁৰ মনত হাজাৰ দ্বিধাই বাঁহ সাজিছে,
অজুত প্ৰশ্নৰ কলিয়া ডাৱৰে,
উন্দোলাই আনিছে ভ্ৰূ…

সেপখিনি গিলি ডাক্তৰক ক'লো,
"মই বিবাহিত…"

প্ৰেচক্ৰিপশ্বনত দৰব লিখি লিখি,
মুৰ নদঙাকৈয়ে ডাক্তৰে উত্তৰ দিলে…

"তেন্তে মই নিশ্চিত
আপুনি প্ৰেমত পৰিছে,
এই দৰৱকেইটা লিখা মতে খাব,
ভাল হৈ যাব…"

দুনাই পৰিবাৰলৈ চোৱা নহ'ল,
সাহসো নহ'ল,
খৰধৰকৈ ওলাই আহিলো…

হয়তো তেওঁ মোৰ অনুপস্থিতিত,
ডাক্তৰক সুধিছে,
"মানুহজনৰ ভাল হবনে…?"

ফাৰ্মাচিৰ সমুখত ৰৈ,
দৰৱৰ নামবোৰ এবাৰ চালো…
পকেটত হাতখন ভৰাই,
ইফালে সিফালে উমান ল'লো,
অসহায় দৃষ্টিৰে
আকৌ এবাৰ মানুহজনীলৈ চালো…
দৰৱকেইটা লবলৈ,
হাতত আজিছোন এপইচাও নাই মোৰ…

দেখিলো 
মানুহজনীয়ে হাতৰ খাৰুপাতকে
মোলৈ আগুৱাই দিছে…
তেওঁৰ চকুলৈ নোচোৱাকৈ,
খাৰুপাত লৈ, ফাৰ্মাচীৰ মেজত থ'লো…

"চাওঁ ভাইটি, এই দৰৱ কেইটা দিয়া…৷"


------------------------------------------------------

অন্য চিন্তা - ১ : এটা সপোন, এখন সোনৰ অসম, আন এটা নতুন সপোন আৰু এটা আশা

#প্ৰতিভূ দত্ত


এটা সপোন

প্ৰায় ১৯৮২চন মানৰ কথা ৷
টীয়কৰ বাছ আস্থান ৷
এজন ১২/১৩ বছৰীয়া লৰাই তেওঁৰ ভনীয়েকৰ সৈতে প্ৰত্যেক দেওবাৰে আবেলি ৪মান বজাৰ পৰা ৰৈ থাকে, যোৰহাট অভিমুখী বাছৰ বাবে ৷ তেওঁলোকৰ ঘৰ কাকজানত ৷ দুয়ো টীয়কলৈ আহে, কাৰন ছোৱালীজনীয়ে তাত নাচ শিকে ৷


কিন্তু সমস্যা হ’ল আবেলি ৪ বজাত

যোৰহাট অভিমুখী বাছ তেনেই তাকৰীয়া হৈ পৰে ৷ প্ৰায়ে তেওঁলোকে টীয়কৰ পৰা কাকজনলৈ ৮ কিলমিটাৰ বাট খোজ কাঢ়িব যাব লগা হয় ৷
ভনীয়েক নাচি উঠি ভাগৰি পৰে ৷ তাৰ পাছত সেইবাট খোজ কঢ়া তাইৰ বাবে অসম্ভব হৈ পৰে ৷ তাই আদবাটতে বহি দিয়ে,‘দাদা মই খোজ কাঢ়িব নোৱাৰো ৷’
ককায়েকে তাইক তেতিয়া বোকোচাত তুলিলৈ ঘৰলৈ বুলি আগবাঢ়ে ৷
সেই ককায়েকজনে যেতিয়া আলিবাটত চলি যোৱা গাড়ীবোৰ দেখে তেতিয়া মনতে ভাবে,‘এদিন মই এখন গাড়ী কিনিব লাগিব !’

লৰাজন ডাঙৰ হ’ল ৷ সেই সপোন কিন্তু বুকুত সাবটি ৰাখিলে ৷
এদিন লৰাজন কাকজানৰ পৰা আহি গুৱাহাটী পালেহি ৷ অসম অভিযান্ত্ৰিক মহাবিদ্যলয়ত নাম লগালে ৷ মাজে মাজে তেওঁৰ মন যায় অকমান পথভ্ৰষ্ট হ’বলৈ ৷ কিন্তু সেই সপোনটোৰ কথা মনত পৰি যায় — এখন গাড়ী কিনিব লাগিব !!!!
সেই সপোন বুকুত সাবটিয়ে এদিন তেওঁ এজন সুদক্ষ অভিযন্তা হ’ল গৈ ৷

এখন সোনৰ অসম

যোৱা নিশাৰ কথা ৷ আমি বন্ধু কেইজনমান লগ হ’লো হোটেল দিলীপৰ ১১১ নং কোঠাত ৷ গাড়ী কিনাৰ সপোন বুকুত সাবটি ডাঙৰ হোৱা সুদক্ষ অভিযন্তাজনো আহিছিল ৷ 


তেওঁ ক’লে,‘প্ৰতিভু দা, মই মেট্ৰিক দিয়াৰ সময়ত আমাৰ গাওঁৰ ফালে ‘সোনৰ অসম গঢ়া’ৰ ঢৌ ৷ মোৰো মনলৈ ভাব আহিল সোনৰ অসমকে গঢ়ো নেকি ৷ বহু ভাবিলো কি কৰা যায় ? মই ভাবি ভাবি পালো গৈ পঢ়া শুনা কৰিলেহে মই মোৰ সপোনটো পূৰাব পাৰিম ৷ লগৰ ভালেমান কেইজন গৈছে ‘সোনৰ অসম’ গঢ়িবলৈ, মই নগ’লেও হ’ব ৷ মই মোৰ ক্ষুদ্ৰ স্বাৰ্থৰ স্বাৰ্থত পঢ়া শুনাতে মন দিলো ৷ ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত ডাঙৰ হোৱা লৰা মই ৷ মোৰ কাৰনে গাড়ী কিনাৰ সপোনটো বৰ মৰমৰ সপোন আছিল ৷ সেই সপোনটোৱেই মোক পঢ়া-শুনা কৰিবলৈ বাধ্য কৰালে ৷’

আন এটা নতুন সপোন

সেই গাড়ী কিনাৰ সপোন দেখা লৰাজনে গাড়ী কিনাক স্বাৰ্থতে সোনৰ অসমৰ সপোনৰ বাদ দিছিল বহু বছৰ আগতে ৷ কিন্তু এতিয়া তেওঁ অসমৰ কাৰনে কিন্তু নিস্বাৰ্থ ভাবে তেওঁৰ সামৰ্থৰ অনুসাৰে কাম কৰি গৈছে ৷ উনিক’ডত অসমীয়া, অসমীয়া উকিপিডিয়া, নিন্টাৰনেটত অসমীয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ, বিভিন্ন সামাজিক কাৰ্য্যত তেওঁৰ অবদান প্ৰশংসনীয় ৷ এতিয়া তেওঁ আৰু বহু নতুন সপোন দেখিছে ৷ তাৰে এটা সপোনত তেওঁ দেখিছে অসমৰ সৰু ঘটনা এটা বিশ্বৰ দৰবাৰলৈ লৈ যোৱা ৷ বহুজনৰ সহায়ৰ প্ৰয়োজন হ’ব ৷ মোৰ দৃঢ় বিশ্বাস আছে তেওঁৰ এই সপোনো সফল হ’ব ৷

এটা আশা

আজিৰ উঠি অহাচামে বাৰু সেই ককায়েকজনৰ দৰে সপোন দেখে নে ??????
আশা কৰিছো, প্ৰাৰ্থনা কৰিছো সকলোৱে দেখক এটা মৰমৰ সপোন যি সপোনে তেওঁলোকক আগবাঢ়ি যাবলৈ বাট দেখুৱাব ৷

সামৰণি :

বন্ধুৱে নিশা বাৰমান বজাত বিদায় ল’লে ৷ তেওঁৰ ডাঙৰ গাড়ীখনৰে গ’লগৈ কাকজনলৈ আৰু মই খুলি ল’লো মোৰ লেপটপ ৷


উৎস-লেখৰক ব্লগঃ http://pratibhudutta.blogspot.in

------------------------------------------------------------------------------------------------------

পাখি মেলা মন.. তিতাবৰৰ দুৱৰি বন…

#ডঃ মাখন লাল দাস

“পাখি পাখি এই মন, পাখি লগা মোৰ মন.…” জুবিন গাৰ্গৰ সুমধুৰ গীতটো বাজি উঠিলে মোৰ মনটো উৰা মাৰে সুদুৰ তিতাবৰলৈ য’ত মোৰ দেউতাৰ অধিক স্মৃতি সাঙুৰ খাই আছে৷ মোৰো মধুৰ শৈশৱৰ বাৰে-ৰহণীয়া অভিজ্ঞতাৰ মেটমৰা ভাৰখনত তিতাবৰৰ দিনবোৰৰেই অৰিহণা বেছি৷ 

নগাৱঁৰ শেনচোৱাত থাকোতে বিহুৰ সময়ত দুই এদল বিহুমৰা ল’ৰা ঘৰলৈ অহা মনত পৰে৷ কিন্তু তিতাবৰ পোৱাৰ লগে লগে বিহুৰ সোৱাদেই সলনি হৈ গ’ল৷ প্ৰথমবাৰৰ বাবে বিশেষ ধৰণৰ বিহু-হুচৰিৰ স’তে পৰিচয় ঘটিল৷ দলে দলে হুচৰিৰ দলবোৰ ঘৰলৈ বিহু মাৰিবলৈ আহে৷ বিশেষকৈ স্বনামধন্য খগেশ্বৰ গগৈদেৱৰ হুচৰিদলৰ ঢুলীয়া চেওঁ মোৰ বাবে বিশেষ আকৰ্ষণ আছিল৷ মিহিৰাম শইকীয়া হাইস্কুলৰ ওচৰত আয়োজিত বিহু সন্মিলনীত ভিন ভিন ঠাইৰ পৰা অহা বিহুৱা সকলৰ নাচ হেপাহ পলুৱাই চাওঁ৷ ঘৰলৈ আহি অকলে অকলে বিহু নাচ অভ্যাস কৰো৷ ঘৰে ঘৰে হুচৰি মাৰি ফুৰা দলবোৰৰ পিচে পিচে ঘুৰি ফুৰো৷ বিশেষকৈ এটা কথা মোৰ ভালদৰে চকুত পৰিল৷ নাচনিবোৰে যেতিয়া বিহু নাচে তেতিয়া মাটিৰ পৰা ভৰিখন ওপৰলৈ নুঠে৷ ভৰিবোৰ এটা বিশেষ কিটিপেৰে মাটিত চোচোৰাই চোচোৰাই নিয়ে আৰু তেনেদৰে নাচনিবোৰে এটা বৃত্তৰ পৰিধিত ঘুৰি থাকে, ঘড়ীৰ কাঁটাৰ দিশত৷ ফলস্বৰুপে চোতালৰ বন বিলাক এফালে বেঁকা হৈ পৰে, ঠিক সেই দিশত৷ মই ভৰিবোৰলৈ ৰ’ লাগি চাই থাকো৷ আজৰি সময়ত মইও ঘৰত অকলে অকলে সেই অভ্যাস কৰি সফল হ’লো মাটিত ভৰি চোচোৰাই নাচিবলৈ৷ কিন্তু কাৰো আগত মোৰ বিহু নাচৰ স্ব-আৰ্জিত পাৰদৰ্শিতা দেখুউৱাৰ সুযোগ পোৱা নাছিলো৷

সোণকালেই সুযোগ আহিল৷ তেতিয়া মই প্ৰথম শ্ৰেণীত৷ বিহু ওচৰ চাপি আহিল৷ কাছজানৰ লক্ষ্য, ৰেচম পামৰ সন্মুখত থকা মহেন্দ্ৰ, তাঁতী গাৱঁৰ ৰাতুল আৰু অনেক লগ-সমনীয়াই সেইবাৰ এটা হুচৰিৰ দল গঠন কৰাৰ পৰিকল্পনা কৰিলে৷ মোকো লগ ললে৷ এঘৰৰ চোতালত গোট খাই আমি আখৰা কৰিব ধৰিলো৷ সুযোগ পাই মইও নিজৰ নাচৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলো৷ সকলো মুগ্ধ হ’ল আৰু মই হৈ পৰিলো আমাৰ দলটোৰ প্ৰধান নাচনি৷ প্ৰধান নাচনিৰ সন্মানেই বেলেগ৷ 

বিহু আহিল৷ আমিও ঘৰে ঘৰে বিহু মাৰিবলৈ আৰম্ভ কৰিলো৷ ঘৰে ঘৰে গৃহস্থৰ পৰা পোৱা টকাবোৰ কোনোবা এজনে সযতনে জমা কৰি গ’ল৷ আমাৰ নিজৰ ঘৰলৈও বিহু মাৰিবলৈ আহিলো৷ নাচি নাচি ভাগৰ লাগি গ’ল৷ ভিতৰৰ পৰা কোনো ওলাই নাহে হে নাহে মাননি দিবলৈ৷ মোৰ নাচি নাচি ভাগৰত লালকাল অৱস্থা৷ অৱশেষত যেনিবা দাদাহঁত ওলাই আহিল হাতত তামোল-পাণৰ বটা লৈ৷ পাচত মোক দাদা এজনে কলে, “তইনো কিমান নাচিব পাৰ, তাকে আজি আমি চালো৷” পেটে পেটে মোৰ খং উঠিছিল যদিও মিচিকিয়াই হাঁহি মনে মনে থাকিলো৷

তাৰ পিচদিনা আবেলি পৰত আমি ওলাই গ’লো মাধপুৰ তিনি আলিৰ পিনে৷ ঘৰে ঘৰে বিহু মাৰি গৈ গৈ দত্ত চাৰৰ ঘৰতো বিহু মাৰিলোগৈ৷ চাৰৰ আগত বিশেষ উৎসাহেৰে নাচিলো৷ তাৰ পাছত বিহু মাৰি মাৰি গৈ থাকিলো দুৰলৈ৷ কেতিয়া ৰাতি হ’ল গমেই নাপালো৷ ৰাতি ৯ টা মান বাজিলত আমি সম্বিত ঘুৰাই পালো৷ ঘৰলৈ উভটিব লাগে বুলি কোনোবা এজনে ক’লে৷ আমি আহি পথাৰ এখনত বহিলোহি৷ চাৰিওফালে ঘিটমিটিয়া এন্ধাৰ৷ দুজন মানে বাঁহৰ পাব দুটা মান কাটি, তাতে কেৰাচিন তেল অলপ অলপ ভৰাই শুকান খেৰৰ থিলা মাৰি দি মুখবোৰ বন্ধ কৰি জুইশলা মাৰি খেৰখিনিত জুই লগাই দিলে৷ সেইয়া হ’ল জোৰ৷ 

তেনে জোৰ দুটামান হাতত লৈ, তাৰ পোহৰত আমি পথাৰৰ মাজে মাজে বাট পোনালো আমাৰ ঘৰৰ ফালে৷ কছাৰী গাৱঁৰ পিছপিনেৰে আহি আমি থকা ৰেচম পাম পালোহি৷ হাতত জোৰ লৈ থকা দুজনে মোক ঘৰৰ মুখলৈকে লৈ গ’ল৷ বাকীবোৰ নিলগত ৰৈ থাকিল৷ তেতিয়া ১০ টা মান বাজিছিল ৰাতি৷ ঘৰত মা-দেউতাহঁত উৎকন্ঠাৰে ৰৈ আছিল৷ জোৰৰ পোহৰ দেখি দুৱাৰ মেলি মা বাহিৰ ওলাই আহিল৷ আমাক দেখি গালি পাৰিবলৈ আৰম্ভ কৰিলে৷ “ইমান ৰাতি ক’ত আছিলা তোমালোক? একো খবৰ-বাতৰি নাই”, ইত্যাদি ইত্যাদি৷ মই তলমূৰকৈ ঘৰ সোমালো , ভয়ে ভয়ে৷ দেউতাই পিঠিৰ ছাল চিঙিব বুলি ভাবিছিলো যদিও দেউতা আচৰিত ভাবে নিমাত হৈ থাকিল৷ মই গৰম পানীৰে ভৰি-হাত ধুই, বাধ্য ল’ৰাৰ দৰে নাকে-কাণে ভাত কেইটামান খাই বিচনাত উঠিলোহি৷ কেতিয়া টোপনি আহিল গমেই নাপালো৷

Photo cournesy: Rituraj Konwar, The Hindu
মোৰ বিহু মৰাও সেইবাৰলৈ তাতেই শেষ৷ লগৰীয়াবোৰে পিছদিনা মোক মাতিবলৈ নাহিল৷ দুদিনমান পিছত খবৰ দিলেহি ৰাতি ভোজ পাতিছে বুলি ওচৰৰে এঠাইত, বিহু মাৰি পোৱা টকাৰে৷ মোৰহে যোৱা নহ’ল৷ মা-দেউতাৰ অনুমতি ল’বলৈ সাহস গোটাব নোৱাৰিলো৷

তিতাবৰ এৰি থৈ শ্বিলং পালোগৈ৷ তাৰপাছত বৰপেটা৷ ঢোলৰ মাত শুনিলে কিন্তু আজিও হেপাহ পলুৱাই নাচিবৰ মন যায়৷ পাখি লগা মনটো উৰা মাৰে তিতাবৰৰ সেই সোণালী দিনবোৰলৈ৷ চকুত ভাঁহি উঠে নাচনিৰ গচকত বেঁকা হৈ পৰা চোতালৰ সেই বন বোৰলৈ৷ কাণত বাজি উঠে লক্ষ্যই গোৱা বিহুগীতফাঁকিলৈ, “ আমে পাত সলালে, চামে পাত সলালে, ফুলিলে ভেবেলী লতা অ’ আইজনী, তুমি আমাৰ নাচনী, নেনাচো বুলিলে, ওলায় চকুপানী..” 

কিবা এক অবুজ আবেগত সঁচাকৈয়ে চকুপানী ওলায় আজি৷

(উৎসঃ লেখকৰ ব্লগ- অভিজ্ঞতাৰ সঁফুৰাঃ http://drmakhanlaldas.blogspot.in )

----------------------------------------------------------------------------
(২)


কুকুৰৰ বিষয়ে এখন ৰচনা



#মাধুৰীমা ঘৰফলীয়া



মই শিৱসাগৰৰ বকতা নামৰ ঠাইখনৰ এখন সৰু গাঁওৰ ছোৱালী । আমাৰ গাঁও খনত মাহিলি ৪০০০০ হাজাৰ মান টকাৰ ওপৰত আয় কৰা চাকৰিয়াল নায়েই । পিছে গাঁওত এটা কথা অলপ হ’লেও খাটে-ধান থাকিলে মান থাকে, বাঁহ থাকিলে সাহ থাকে । প্ৰায় প্ৰতিঘৰ মানুহৰেই এটা ডাঙৰ ভঁৰাল আৰু এখন হ’লেও ডাঙৰ বাৰী আছে । গতিকে একেবাৰে দুখত থকা গাঁও নহয় । গাঁওখনত মুঠতে ৪০ ঘৰ মান মানুহ আছে । সেই মানুহখিনিকেই আমিবোৰে তিনিটা ভাগত ভাগ কৰিছিলোঁ –এটা হ’ল গাহৰি চুক ( ইয়াত প্ৰতি ঘৰতে দুই তিনিটা গাহৰি থাকেই ) ।নী চুক ( ইয়াত বছৰৰ ৩৬৫ দিনেই লাও পানী পোৱা যায় ) । আৰু এটএএ

এটা হ’ল কুকুৰ চুক । এইটো চকুত পাঁচ ঘৰৰ মানুহ আছে আৰু গোটেই কেইঘৰত লগ লগালে অতি কমেও ১৫ টা মান কুকুৰ থাকেই । আমাৰ ঘৰতো কুকুৰ চুকত। আজি ৪ বছৰৰ আগত বৰতা , দদাইদেউ আৰু আমাৰ ঘৰত যুটীয়া কৈ চাৰিজনী মাইকী কুকুৰ আৰু এটা মতা কুকুৰ আছিল । সময়ত চাৰিও জনীয়ে গাইপতি চাৰিটা কৈ পোৱালী দিলে । তাৰে দুটামান আনে নিলে । দুটা মান থাকি গ’ল । মুঠতে ১১ টি হ’ল গৈ । আমাৰ তিনি ও ঘৰতে ভিক্ষাৰীও আহিবলৈ বাদ দিলে । যিহে চোকা কুকুৰ । তাৰে দুটা মানে এদিন এনেই খেদাখেদি কৰাত মোৰ চিৰিয়াখানা খনৰ শহা এটা হাৰ্ট ফেইল হৈ মৰিল । তথাপি সিহঁতক একো নকৰিলোঁ । পিছে এবাৰ খৰালিত গোটেই জাকটোৱে লগ লাগি গাঁৱৰ ছাগলীবোৰ চিকাৰ কৰিবলৈ ধৰিলে । প্ৰতিদিনেই গোচৰ আহে । আমাৰ ইঘৰে কয় সিঘৰৰ কুকুৰ হে ,সিঘৰে কয় সেই সিহঁতৰ হে....আৰু যদিহে মই নথকা অৱস্থাত কোনোবাই গোচৰ দিয়ে গোটেই কুকুৰ গালৰ মালিক ময়ে হৈ পৰো । মানুহবোৰ বিপাঙত পৰিল । শেষত গাঁওৰ মানুহ লগ লাগি সেই এঘাৰ টি কুকুৰৰ দহ টিয়েই নিধন কৰি পেলালে । বাকী থাকিল ঘাই মাক জেতুকি ।


এদিন সন্ধিয়া সাত মান বজাত দেতা আৰু মই চোঁতালত বহি আছো । তেনেতে ককাইদেউ এজনে টচ লৈ জুপি জুপি কিবা বিচাৰি ফুৰিছে । মই বাৰে বাৰে সুধিছোঁ তইনো আমাৰ বাৰীত কি বিচাৰিছ ...সি নকয় । শেষত অলপ আতৰত বহি থকা দদাইদেৱে ক’লে-সি জেতুকিক বিচাৰিছে । কোনোবা মানুহ এটাৰ বোলে মেলেৰীয়া হৈছে....মাইকী কুকুৰৰ মাংস খালে বোলে ভাল হ’ব । তাক সেই মানুহটোৱে লাও পানী খাবলৈ পইচা দিব পায়...সেইবাবে সি বিচাৰি আছে ।


মোৰ লগে লগে মুৰ গৰম হৈ গ’ল । ভালেটিহে সি মোক নকয় । লগে লগে যিমান পাৰি সিমান টেঁটু ফালি চিঞৰি তাক গালি দিলোঁ, দম ও দিলোঁ-আজি যদি জেতুকি হেৰাই মই তোৰ নামত কেচ দি দিম চাবি । মই থাকোঁতে আমাৰ ঘৰৰ সীমাৰ পৰা কুকুৰ নিবলৈ আহিছ...তাকো খাবলৈ । সেইটো কোন মেলেৰীয়া হৈ মৰে মৰক ......


মোৰ খঙ দেখি ককাইদেউ চুপ-চাপ ঘৰত সোমাল গৈ ।( ককাইদেউ ঘৰতো আমাৰ ঠিক সমুখতে ....আৰু হাঁহি উঠা কথা যে সেই সময়ত কুকুৰ নিবলৈ কোনোবা মানুহ সিহঁতৰ ঘৰত বহিয়ে আছিল !! সেই একেজন ককাইদেৱে এইবাৰ বিহুৰ সময়ত মোৰ কপৌফুল এজোপাৰ পৰা কোনোবাই ফুল বিচৰাত বিৰাট ধমকী দি পঠাইছে বোলে । সেইবোৰ হেনো মোৰ বস্তু ।)


মই দিল্লীলৈ অহাৰ অলপ দিনৰ পাছতেই মায়ে ফোন কৰি জনাইছিল জেতুকিয়ে পোৱালী দিছে । দুটা মতা আৰু তিনিজনী মাইকী !!! তাৰে মাইকি পোৱালী এজনী ভাইটি সোণে তাৰ পাম ঘৰলৈ লৈ গ’ল । নাম থৈছে বাসন্তী ।


মোৰ জীৱনৰ প্ৰথমটো কুকুৰৰ নাম আছিল টম । গাঁৱৰ এঘৰৰ পৰা সেই ভতুৱা কুকুৰটো মোৰ ভাইটিটোৰ সৈতে লগ লাগি চুৰ কৰি আনিছিলোঁ । তাক মই সদায় চাইকেলৰ কেৰিয়াত তুলি লৈ ঘুৰি ফুৰিছিলোঁ । গাঁওৰ প্ৰতিজন মানুহেই তাক মৰম কৰিছিল । টম বলিয়া হৈ ঢুকাইছিল । বলিয়ালি কৰিথকা সময়তো শিকলিৰে বান্ধি থোৱা কুকুৰটোৰ কাষত মই বহি আছিলোঁ । সি মোক একো কৰা নাছিল । মোৰ হিয়াৰ বহু অংশ জুৰি সি আজিও আছে ।


গুৱাহাটী থকাৰ সময়ত মোৰ জাৰা নামৰ এজনী পমেৰিয়ান ব্ৰিডৰ কুকুৰ আছিল । তাই এটাই বেয়া দোষ আছিল তাইৰ যদি কেনেবাকৈ প্ৰেচাব কৰিব লাগে...তাই য’তে নাথাকক দৌৰি আহি ভিতৰত প্ৰেচাব কৰিব ! মই হাইৰাণ হৈ গৈছিলোঁ সেইবোৰ চাফা কৰি কৰি । পিছে তাই মোক খুব ভাল পাইছিল ।

কুকুৰ অবিহনে মই থাকিবই নোৱাৰোঁ । গতিকে শিৱসাগৰত ভাইটিটোৰ সৈতে ভাৰাঘৰত থাকিবলৈ লৈয়ে এঘৰৰ পৰা ক্ৰচ কুকুৰ পোৱালী এজনী আনিলোঁ । নাম থলো এঞ্জেল । কাজল সনা যেন চকু দুটিৰে এঞ্জেল ইমানেই মৰম লগা আছিল যে সেই গলিটোৰ প্ৰতিটো লৰা ছোৱালীৰ পৰা ডাঙৰলৈকে তাই মৰমৰ হৈ পৰিল । তাতে তাই ছোৱালী বাবে মই কাণ এখন ফুটুৱাই ফুলিও পিন্ধাই দিলোঁ । একেবাৰে সোণত সুৱগা চৰিল আৰু । পিছে মাঘ বিহুৰ বাবে মই আগতীয়াকৈ ঘৰলৈ যোৱা সময়ত এঞ্জেলক কোনোবাই চুৰ কৰি লৈ গ’ল । বৰ দুখ লাগিল । সকলোতকৈ জমনি কথাটো হল যে এঞ্জেল হেৰুৱা তিনিমাহ মানৰ পাছত সেই গলিটোৰ প্ৰায় প্ৰতিঘৰ মানুহেই নিজাকৈ কুকুৰ আনি ল’লে ।


এতিয়া মই কুকুৰ বিহীন হৈ আছো । গৃহস্থই মোক কথা দিছে বোলে- পাছৰ জন্মদিনত মোক কুকুৰ এজনী গিফট দিব । জন্মদিনটো যদি আৰু অলপ সোনকালে আহিল হেতেন.......

(উৎসঃ http://madhurimagh.blogspot.in )

------------------------------------------------------------------
(৩)

বিহুৰ খাদ্য সম্ভাৰ সামৰি আইতাৰ চিঠি

মৰমৰ নাতি-নাতিনীহঁত,

তোমালোক আটাইলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো ৷ লগতে মোৰ এবুকু মৰম স্নেহো ৷ আশাকৰো আদৰেৰে গ্ৰহণ কৰিবা ৷ ভগবানকো প্ৰাৰ্থনা কৰিছো যাতে সকলোৱে কুশলে থাকা ৷ ৰঙালী বিহু আহি পাও পাও হওঁতে সকলোৰে গা চাগৈ সাত-খন আঠখন হৈছে, নহয়নে বাৰু? নহবইবা কিয়? আমাৰ বাপতিসাহোন বিহুটিলৈ আটায়ে বাট চাই থাকে৷ আহিলেটো কথাই নাই নহয়নে? 
আমাৰ অসমীয়া বিহুটোত নাচিবলৈনো কাৰ মন নাযায় ৷ আমাৰ অসমীয়াৰ বিহুটোত, জাতীয় ঐতিহ্য তথা পৰম্পৰা যেনেকৈ আছে, ঠিক তেনেকৈ খাদ্য সম্ভাৰৰো পৰম্পৰা আছে ৷ এই খাদ্য সম্ভাৰে বিশ্বৰ অন্যান্য লোককো আকৰ্ষত কৰি আহিছে৷ অসমীয়া বিভিন্ন খাদ্য কেৱল, ৰুচিপূৰ্ণ বা সুস্বাদ্যুৱেই নহয়, ই পুষ্টিকৰ সু-স্বাস্থ্য কাৰক, ৰোগ প্ৰতিৰোধক আৰু নিৰাময় কাৰক ৷ 

নাতি, নাতিনীহঁত, তোমালোকে জানাই নহয়, আমাৰ বহু তিনিটা ৷ এই বিহু তিনিটাত ব্যৱহাৰ হৈ অহা চিৰা-পিঠা, আখৈ মুৰি, দৈ-গুৰ চেনী মৌ, তিল পিঠা, হুতুলী পিঠা, টেকেলী পিঠা, চচ পিঠা, চুঙা পিঠা, কল পিঠা, বৰ পিঠা, খোলা দিয়া পিঠা, লুথুৰী পিঠা, নিমখীয়া পিঠা আদি খোৱা হয় ৷ এই বিভিন্ন পিঠাৰ ভিতৰত তিল পিঠা অতি সোৱাদ লগা আৰু উৎকৃষ্ট ৷ তিলপিঠাত বহুত ৰোগ প্ৰতিৰোধী ক্ষমতা আছে, যেনে হৃদয় শক্তিশালী কৰে, আৰু দাঁতৰ ৰোগ প্ৰতিৰোধত সহায় কৰে ৷ কলপিঠাই সুস্বাস্থ্য বৃ্দ্ধিত সহায় কৰে ৷ বৰপিঠাই কৃমি নাশ কৰে ৷ লুথুৰী পিঠা যিকোনো মানুহে খাব পাৰে ৷ই শৰীৰক যথেষ্ট শক্তি দিয়াৰ লগতে বুদ্ধি আৰু স্মৰণ শক্তি অটুট ৰাখে ৷

পিঠাপনাৰ দৰে আমাৰ বিহুত ব্যৱহাৰ কৰা জলপানতো, ঔষধি গুণৰ থকা বুলি জনা যায়৷ কোমল চাউল, আখৈ, চিৰা, মুৰিৰ লগত দৈ খোৱা হয়, এই বিলাক পেটৰ কাৰণে ভাল ৷ সান্দহ, চিৰা, কৰাই গুৰি আদিত মৌ দি খালে, গাৰ চাল নিমজ হয়, হৃদয় শক্তিশালী হয় আৰু তেজ পৰিস্কাৰ কৰে ৷

মাঘ বিহুত ব্যৱহাৰ কৰা বিভিন্ন আলু যেনে- ৰঙা মিঠা আলু, কাঠ আলু, পাতি-দৈ আলু, শিমলু আলু, মোৰা আলু আদিয়ে আমাৰ শৰীৰত যথেষ্ট শক্তি যোগান ধৰে ৷ আৰু বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয় ৷

বহাগ বিহুত বিশেষকৈ গৰু বিহুৰ দিনা ৰাতি এশ এবিধ শাক-পাচলি খোৱাটো আমাৰ নিয়ম, এই এশ এবিধ ঔষধি গুণ সম্পন্ন শাক-পাচলি খোৱাৰ ফলত, মনলৈ নতুন উচাহ-উদ্দীপনা আনে৷ আৰু ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি জনবিশ্বাস আছে ৷সাত-বিহুত ভেকুঁৰী তিতা, কেৰেলা, বাসৱ তিতা, বেতৰ গাজ, মহানিম আদি খাব লাগে ৷ ভীমকলৰ পচলা আৰু কলডিল খালে, নিম্ন ৰক্তচাপৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰি ৷ বাঁহৰ গাজৰ পৰা তৈয়াৰ কৰা খৰিছা, টেঙা আৰু মাছৰ লগত খাবলৈ বৰ বঢ়িয়া ৷ তোমালোকে খায় চালেহে গম পাবা ৷ ইয়াত থকা খাদ্যপ্ৰাণ-গ(ভিটামিন চি)ই ৰোগ প্ৰতিৰোধত সহায়ক হয় ৷ মুঠতে নাতিহঁত অসমীয়া বিহুত তৈয়াৰ কৰা, ৰুচিকৰ খাদ্য সমূহ খাবলৈ নেৰিবা দেই ৷ কলীয়া কচুৰ ঠুৰীৰ আঞ্জা কিমান তৃপ্তিদায়ক, খায় নাচালে উপলব্ধি কৰিব নোৱাৰিবাহঁক ৷ পদিনা, নৰসিংহ, ভেদাই লতা, নহৰুৰ চাটনিয়ে তৃপ্তিৰ লগতে পেটৰ ৰোগো নাশ কৰে ৷

চোৱাচোন আমাৰ পূৰ্ব-পুৰুষ সকল খাদ্যৰ প্ৰতি কিমান সচেতন আছিল, আৰু প্ৰিতটো বিহুতে পৰিপুষ্টি খাদ্য তৈয়াৰ কৰি এক পৰম্পৰাৰ সৃষ্টি কৰি থৈ গৈছিল৷ আৰু সেয়া আগলৈ কঢ়িয়াই দ্বায়িত্বও তোমালোকৰেই ৷

কিন্তু অতি পৰিতাপৰ বিষয় যে তোমালোকে আজিকালি এনে খাদ্যৰ প্ৰতি পিঠি দি বিভিন্ন দেশৰ পৰা অহা ফাষ্ট ফুড খাদ্যৰ প্ৰতিহে আকৰ্ষিত হৈছে ৷ এইটো বৰ বেয়া কথা হৈছে ৷

আমি আশাকৰো যে, আমাৰ বিহুৰ পৰম্পৰাৰ লগতে সাজপাৰ আৰু খাদ্য সম্ভাৰৰ পৰম্পৰাও যাতে, ৰক্ষা কৰিব পাৰো ৷ তাৰ প্ৰতি সকলোকে গুৰুত্ব দিবলৈ অনুৰোধ কৰিলো ৷

এই কামনাৰে আজি আইতাৰ চিঠি ইমানতে সামৰণি মাৰিলো ৷ সৰ্বশেষত তোমালোক আটাইলৈ পুনৰ বিহুৰ ওলগ জনাই আকুণ্ঠ আশীৰ্বাদেৰে আহিলো দেই ৷

ইতি
তোমালোকৰ 

আইতা
শশীমাই শইকীয়া (দত্ত) 

No comments:

Post a Comment