Thursday, June 25, 2015

জীৱন-যৌৱন

জীৱন যৌৱন (অৰ্থনীতি)
পাব্লিক প্ৰভিডেণ্ড ফাণ্ডৰ বিষয়ে জানিব লগা দহটা কথা 

জীৱন যৌৱন  (সম্পৰ্ক) 
 লেখা পঢ়িবৰ বাবে তলৰ শিৰোনামাত ক্লিক কৰক


বিশেষজ্ঞৰ লেখাঃ
                 ভয়াবহ ৰোগ ফ্লুৰ'চিচচ ঃডাঃ ভূপেন্দ্ৰ শইকীয়া
কিছু সমল এই পৃষ্ঠাতে তললৈঃ
পৰ্ণগ্ৰাফিৰ পৃথিৱীঃ নিষিদ্ধকৰণৰ প্ৰয়োজনীয়তা আৰু আইন


দেশত নাৰী আৰু শিশুৰ বিৰুদ্ধে ক্ৰমবৰ্ধমান নিৰ্যাতনৰ ঘটনাই সকলোৰে চকু থৰ কৰিছে৷ এইদিশলৈ লক্ষ্য ৰাখি  দেশত এক কঠোৰ আইনৰ প্ৰয়োজনীয়তাক লৈ চলিছে সৰ্বত্ৰ আলোচনা৷ তাৰ মাজতে ইন্দোৰৰ এজন অধিবক্তাই উচ্চতম ন্যায়ালয়ত পৰ্ণগ্ৰাফিক ৱেবচাইট সমূহক নিষিদ্ধ কৰাৰ বাবে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন জনায় আৰু উচ্চতম ন্যায়ালয়েও সেই সন্দৰ্ভত সঁহাৰি দিবলৈ চৰকাৰক নিৰ্দেশ দিছে৷ ইতিমধ্যেই চীন আৰু চৌদি আৰৱীয়াই এনে নিষিদ্ধকৰণৰ জড়িয়তে ইয়াক প্ৰতিৰোধৰ চেষ্টা চলাইছে ৷


পিছে দেশৰ আগশাৰীৰ বাতৰিকাকত ইণ্ডিয়ান এক্সপ্ৰেছৰ পাঁচ মে’ ২০১৩ ত প্ৰকাশিত এক প্ৰৱন্ধই যেন সকলোকে চমকিত কৰিব৷ প্ৰকাশিত তথ্যমতে প্ৰতি চেকেণ্ডত পৃথিৱীৰ মানুহে ৩০৭৫ডলাৰ পৰ্ণগ্ৰাফীৰ নামত খৰছ কৰে, প্ৰতি চেকেণ্ডত ২৮,২৫৮ জনে পৰ্ণগ্ৰাফি চায়, প্ৰতি চেকেণ্ডত গড়ে ৩৭২জনে প্ৰাপ্ত-বয়স্ক সমলৰ সন্ধানত ইণ্টাৰনেটত চাৰ্ছ ইঞ্জিনৰ দুৱাৰত টুকুৰিয়াই৷ আৰু প্ৰতি ৩৯মিনিটত আমেৰিকাত একোটাকৈ পৰ্ণগ্ৰাফিক ভিডিঅ’ নিৰ্মিত হয়৷


দেশে দেশে আইনঃ

পৃথিৱীৰ বিভিন্ন দেশত পৰ্ণগ্ৰাফিক সমল, ইণ্টাৰনেট পৰ্ণগ্ৰাফিক লৈ কোনো সুষম আইন নাই৷ বিভিন্ন দেশত পৰ্ণগ্ৰাফিক একেবাৰে নিষিদ্ধকৰণ, কিছু কিছু আইনে অনুমতি দিয়া বয়সৰ পাছত উপভোগ কৰা বা তাৰ আনুষংগিক কথাক লৈ মতবিৰোধ বা বিতৰ্ক আছে৷ তথাপি দেশে দেশে আইনে কিছু নীতি নিয়ম বান্ধি দিছে৷

ইংলেণ্ডতঃ হাৰ্ড ক’ৰ পৰ্ণগ্ৰাফিক সমল একেবাৰে নিষিদ্ধ আছিল ১৯৯৯চন পৰ্যন্ত ৷ কিন্তু ইউৰোপিয়ান ইউনিয়নৰ আন সদস্য দেশ সমূহৰ সতে বাণিজ্যিক সম্পৰ্ক সুষম কৰাৰ স্বাৰ্থত ইয়াক প্ৰত্যাহাৰ কৰে৷ তাৰ পাছত পুনৰ ২০০৮চনত গৃহ বিভাগে একস্ট্ৰীম পৰ্ণগ্ৰাফী ৰখা কাৰ্যক ক্ৰাইম আখ্যা দি নতুন আইন বনায়৷ চাইল্ড পৰ্ণগ্ৰাফী এই দিশত নিষিদ্ধ আৰু ১০বছৰ পৰ্যন্ত কাৰাবাসৰ দণ্ডৰ ব্যৱস্থা ৷

জাৰ্মানীতঃ অনলাইন পৰ্ণগ্ৰাফিক সমল আহৰণ কৰিবৰ বাবে বয়স ভেৰিফিকেচনৰ ক্ষেত্ৰত অতি কঠোৰ ৷ মজাৰ কথা এয়ে যে জাৰ্মানীত আকৌ আইনে চাইল্ড পৰ্ণগ্ৰাফীক ১৪বছৰ পৰ্যন্ত আৰু য়ুথ পৰ্ণগ্ৰাফী ১৪-১৮বছৰ দুটা বেলেগ ভাগত বিবেচনা কৰিছে ৷

পাকিস্তানতঃ পৰ্ণগ্ৰাফী সম্পূৰ্ণ নিষিদ্ধ৷ যোৱা ২০১১চনৰ নৱেম্বৰ মাহৰ পৰা পৰ্ণগ্ৰাফিক সমল থকা সকলো ৱেবচাইট তাত নিষিদ্ধ তথা ব্লক কৰি থোৱাৰ ব্যৱস্থা কৰিছে ৷ আৰু সময়ে সময়ে এই নিষিদ্ধ ৱেবচাইটৰ তালিকা আপডেট কৰি ৰখা হৈছে ৷

চীনতঃ ইণ্টাৰনেট পৰ্ণগ্ৰাফিক ২০০২চনৰ পৰা নিষিদ্ধ ঘোষণা৷ লগতে ২০০৪চনৰ পৰা কঠোৰ অভিযান হাতত লৈ এগৰাকী মহিলাকে ধৰি অপৰাধীক কাৰাগাৰলৈ প্ৰেৰণৰ তথ্য ৷

আমেৰিকাতঃ এই প্ৰাপ্তবয়স্ক মনোৰঞ্জনটো এটা বিশাল উদ্যোগ স্বৰূপ৷ তাত বৃহৎ বৃহৎ মনোৰঞ্জন কোম্পানী টাইম ৱাৰ্নাৰ আদিয়েও নিজৰ কেৱল চেনেলত পৰ্ণ ছবি প্ৰদৰ্শন কৰাৰ লগতে হোটেল সমূহতো ৰুম সেৱাত এনে মনোৰঞ্জনৰ ব্যৱস্থা কৰে৷গড়ে ২১১খন পৰ্ণ চিনেমা প্ৰতিটো সপ্তাহতে নিৰ্মিত হয় মাত্ৰ আমেৰিকাত৷ কিন্তু শিশু বা কিশোৰৰ হাতলৈ কোনো ধৰণৰ এনে সমল যাতে যাব নোৱাৰে তাক নিশ্চিতকৰণৰ ব্যৱস্থা লোৱা হয়৷ আৰু চাইল্ড পৰ্ণগ্ৰাফীৰ ক্ষেত্ৰত ইউ এছৰ আইনেই বিশ্বৰ আটাইতকৈ কঠোৰতম৷ শিশুক এনে ছবিত জড়িত কৰি নিৰ্মাণ কৰা সকলক পাঁচ বছৰৰ পৰা ৪০বছৰ পৰ্যন্ত কাৰাৱাসৰ কঠো নিৰ্দেশনা আছে৷

ফ্ৰান্সতঃ এই দেশত পৰ্ণ আইন বিৰুদ্ধ নহয়৷ ওঠৰ বছৰৰ তলৰ সকলৰ বাবে হাৰ্ড ক’ৰ পৰ্ণৰ অনুমতি নাই৷ চফট পৰ্ণ টোৱাত ১৬বছৰৰ ওপৰৰ সকলৰ বাবে বাধা আৰোপ কৰা নাই৷ গ্ৰাফিক ভায়লেন্স আৰু পৰ্ণ দেখুওৱাবৰ বাবে কিছু বিশেষ থিয়েটাৰ বা চিনেমাগৃহৰ ব্যৱস্থা আছে, য’ত প্ৰাপ্ত বয়স্ক নোহোৱা সকলৰ প্ৰৱেশ নিষিদ্ধ৷ বিশেষ ভেল্যু এডেড টেক্সৰ ব্যৱ্স্থা আছেঃ এক্স ৰেটেড চিমেনাৰ বাবে ৩৩% টেক্স আৰু অনলাইন পৰ্ণ সেৱাৰ ক্ষেত্ৰত ৫০% আৱকাৰী শুল্ক প্ৰযোজ্য ৷

ভাৰতবৰ্ষতঃ পৰ্ণগ্ৰাফিক সমল ৰখা বা চোৱাটো আইন বিৰুদ্ধ নহয়, কিন্তু তাক যোগান ধৰা বা বিতৰণ কৰাটো আইনৰ দৃষ্টিত শাস্তিমূলক অপৰাধ৷ এই ক্ষেত্ৰত আইন এতিয়াও কঠোৰভাৱে প্ৰযোজ্য হোৱা নাই, আৰু দেশৰ চুকে-কোণে পৰ্ণগ্ৰাফিক সমল সহজেই উপলব্ধ৷ তথ্য প্ৰযুক্তি আইনৰ ৬৭নং ধাৰাই "ইলেক্ট্ৰনিক মাধ্যমত থকা অনৈতিক দৃশ্য" কো সামৰি লৈছে৷পাছত অন্তৰ্ভুক্ত কৰা ৬৭বি ধাৰাত চাইল্ড পৰ্ণগ্ৰাফীৰ ডাউনলোডিং আৰু প্ৰকাশ কৰা কাৰ্যক "ক্ৰিমিনেলাইজড" ঘোষণা কৰা হৈছে ৷ স্বতৰ্ব্য যে- ২০১০চনত বম্বে হাইকৰ্টে দিয়া এটা ৰায়ত নিজৰ ব্যক্তিগত কক্ষত পৰ্ণগ্ৰাফী চোৱাত আইনৰ কোনো বাধা নাই ৷

শ্ৰীলংকাতঃ অশ্লীল সাহিত্য আৰু পৰ্ণগ্ৰাফী সমল বিক্ৰী তথা বিতৰণ আইন বিৰুদ্ধ বুলি ঘোষিত হৈছে৷ কিন্তু বাস্তৱত তাৰ বিৰুদ্ধে কোনো কঠোৰ শাস্তিৰ ব্যৱস্থা নাই ৷ চাইল্ড পৰ্ণগ্ৰাফীৰ ক্ষেত্ৰত কঠোৰ শ্ৰীলংকাৰ আইন, শিশু সুৰক্ষা আইনৰ অধীনত ২০বছৰ পৰ্যন্ত জেল, অত্যাধিক জৰিমনা আৰু সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশো আদালতে দিব পৰাৰ ব্যৱস্থা আছে৷

বিশ্বত তোলপাৰ লগোৱা দুটা অভিযানঃ
১. অপাৰেচন কেথেড্ৰেলঃ ইউ.কেৰ আৰক্ষীয়ে চলোৱা এই বিশেষ অভিযানটোৱে  অনলাইন চাইল্ড পৰ্ণগ্ৰাফীৰে ৪৬খন দেশত ব্যৱসায় চলোৱা "ৱণ্ডাৰলেণ্ড ক্লাৱ" নামৰ এক বৃহৎ চক্ৰক উৎখাত কৰে ৷ ১২০জন মানুহ জড়িত থকাৰ লগতে ১২৬৩জন শিশুকো এই ঘৃণনীয় কাৰ্যত লিপ্ত কৰাইছিল৷ লগতে শিশুক নিপীড়নৰ ৭লাখ ৫০হাজাৰ খন ছবি অনলাইন যোগে সৰবৰাহ কৰা এই চক্ৰৰ দোষী হিচাবে ২০০১ চনত সাতজন লোকক অপৰাধী হিচাবে আদালতে শাস্তি প্ৰদানৰ ৰায় দিয়ে ৷
২. অপাৰেচন এভালাংকিঃ ইউ এছৰ টেক্সাছৰ কম্পিউটাৰ বিশেষজ্ঞ থমাছ ৰিডীক ১৩৩৫বছৰৰ অভিলেখমূলক কাৰাবাসৰ নিৰ্দেশ দিয়ে আমেৰিকান ন্যায়ালয়ে৷ কাৰণ দুই লাখ পঞ্চাশ হাজাৰ চাবচক্ৰাইবাৰ সহ চাইল্ড পৰ্ণগ্ৰাফিক ৱেব চাইট যোগে তেওঁ আহৰণ কৰিছিল মাহে ১.৪মিলিয়ন ডলাৰকৈ৷ ৰিডীক মুঠতে ৮৯টা অভিযোগত দোষী সাব্যস্ত কৰি এনে দৃষ্টান্তমূলক শাস্তিৰ বিধান দিয়ে৷

বিশেষ চিন্তাঃ
বৰ্তমানৰ কলুষিত পৰিবেশত ভাৰতবৰ্ষতো দ্ৰুত ন্যায় ব্যৱ্স্থাৰ নিশ্চিতকৰণৰ লগতে, এনে পৰ্ণগ্ৰাফিক সমলৰ ওপৰত কঠোৰ আইনেৰে লেকাম লগোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷ 

দেশৰ পৰম্পৰা সংস্কৃতি তথা জীৱনধাৰাৰ ওপৰত এনেবোৰ সমলে কেনে ধৰণৰ ঋণাত্মক প্ৰভাৱ পেলায় সেয়া সকলোৱেই বুজিব পাৰিছে ৷ বুকাৰ পুৰষ্কাৰেৰে সন্মানিত অৰবিন্দ আদিগাৰ "এ হোৱাইট টাইগাৰ" বা "এটা বগা বাঘ" নামৰ উপন্যাসতো এনে নিকৃষ্ট সমলে কেনেকৈ অপৰাধী মানসিকতাক গঢ় দিয়ে তাৰ অনুপম বৰ্ণনা পোৱা যায়৷ যাৰ আলমত দিল্লীৰ গণ-ধৰ্ষণৰ ঘটনা আদিৰ পাৰ্শ্ব-দৃশ্য তথা অপৰাধীৰ মনোজগতৰ গঠন হোৱাৰ মূল কাৰণ সমূহ ফঁহিয়াই চাব পাৰি ৷ 

সেয়ে সচেতন মহলে তথা সামাজিক সংস্থা সমূহে এনে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ভিত্তিত চৰকাৰক কঠোৰ পদক্ষেপ লবলৈ বাধ্য কৰাব লাগিব৷ এইয়া যেন আজিৰ সময়ৰ এক আহ্বান ৷
#যুগুতালেঃ সুখ দুখ.কমৰ বিভাগীয় পৃষ্ঠা সমন্বয়কে


(লেখাটো প্ৰস্তুত কৰোতে ইণ্ডিয়ান এক্সপ্ৰেছত ৫মে’২০১৩  সংখ্যা প্ৰকাশিত আৰু  নয়নিকা চক্ৰৱৰ্তীয়ে যুগুতোৱা এটা লেখাৰ পৰা তথ্য তথা সমল আহৰণ কৰা হৈছে )

-----------------------------------------------------------------------------------------------------
স্বাস্থ্য আৰু জনজীৱনঃ
ভয়াবহ ৰোগ ফ্লুৰ'চিচ

#ডাঃ ভূপেন্দ্ৰ শইকীয়া



লাগতিয়াল তথ্য: 
বিশ্ব স্বাস্থ্য সন্থাৰ মতে খোৱা পানীত প্ৰতিলিটাৰত ১মিলিগ্ৰামৰ কম ফ্লৰাইড থাকিব লাগে৷১.১ৰ পৰা ২ মিলিগ্ৰামৰ ফ্লৰাইড থাকিলে সেই পৰিমাণ 'উচ্চ' বুলি গণ্য কৰা হয়৷২.১ ৰ পৰা ৫ মিলিগ্ৰামৰ ফ্লৰাইড থাকিলে সেই পৰিমাণ 'অতি উচ্চ' বুলি গণ্য কৰা হয়৷ ৫ মিলিগ্ৰামৰ ওপৰত ফ্লৰাইড থাকিলে সেয়া 'অতি বিপদজনক ভাবে উচ্চ' বুলি গণ্য কৰা হয়৷

আনহাতে কোনো কোনো ঠাইত প্ৰতিলিটাৰ পানীত ৪৮মিলিগ্ৰাম পৰ্যন্ত ফ্লৰাইড পোৱা গৈছে৷ভাৰতকে ধৰি বিশ্বৰ ২৩খন দেশত ফ্লুৰ'চিচ ৰোগ দেখা যায়৷এক তথ্যমতে অসমক ধৰি ভাৰতৰ ১৬খন প্ৰদেশত ৬২লাখ ভূক্তভোগীৰ ভিতৰত ৬লাখৰো অধিকজন হ'ল শিশু৷পৰিতাপৰ কথা আমাৰ দেশৰ ৫০শতাংশ ভূগৰ্ভস্থ জলত থকা ফ্লৰাইডৰ পৰিমাণ বিপদ সীমাৰ ওপৰত৷কিন্তু সেই অনুপাতে জন সচেতনতা বা চৰকাৰী আঁচনিৰ সৎ প্ৰয়োগ হোৱা পৰিলক্ষিত হোৱা নাই৷





ফ্লুৰ'চিচক উজু ভাষাত বুজাবলৈ হলে কব লাগিব যে উচ্চ পৰিমাণৰ ফ্লৰাইডযুক্ত খোৱা পানীৰ দীৰ্ঘ সময়ৰ ব্যৱহাৰৰ ফলত হোৱা শাৰীৰিক অপকাৰসমূহৰ চিকিৎসকে দিয়া নাম হ'ল ফ্লুৰ'চিচ৷



ৰোগৰ লক্ষণসমূহক তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি৷(১) ডেন্টেল ফ্লুৰ'চিচ (২) স্কেলিটেল ফ্লুৰ'চিচ (৩) নন স্কেলিটেল ফ্লুৰ'চিচ৷ 



ৰোগৰ উৎপত্তিৰ কাৰণ হ'ল ফ্লৰাইড দাঁতত, হাঁডত, মাংসপেশীত আৰু নাড়ীৰ মিউক'চাত জমা হোৱাৰ ফলত হোৱা ক্ষতি৷জীৱনৰ প্ৰাৰম্ভিক দহটা বছৰত আৰু পুষ্টিহীনতাত ভোগা মাতৃৰ সন্তানে ফ্লুৰ'চিচ ৰোগত সহজে আক্ৰান্ত হয়৷পোনতে দাঁতত হালধীয়া,মূগা বা ক'লা ৰঙ ধৰিব আৰম্ভ কৰে৷দাঁতত গাত হবলৈ ধৰে আৰু দন্তক্ষয় হবলৈ ধৰে৷

 ক্ৰমে হাঁডৰ বিষ, গাঁঠিৰ বিষ, মাংসপেশীৰ বিষ আৰু হাঁডৰ গঠন বা আকৃতিৰ বিসংগতি হবলৈ ধৰে৷ আঁঠুৰ হাঁড়, ৰাজহাঁড়,কিলাকুটি বেকা হবলৈ ধৰে৷হাতৰ বা ভৰিৰ কোনো অংশৰ হাঁড় অস্বাভাবিকভাবে বাঢ়িবলৈও ধৰে৷ অকালবাৰ্দ্ধক্য হ'ল ফ্লুৰ'চিচৰ পৰিনাম৷

 কেটেৰেক্ট, দৃষ্টিশক্তি হ্ৰাস, গৰ্ভপাত, সন্তানহীনতা আদিও ফ্লুৰ'চিচৰ ফলত হোৱা দেখা যায়৷ ফ্লুৰচিচ আক্ৰান্ত (এণ্ডেমিক) অঞ্চলত পেটৰ বিষ,বমি,আভোক, শৌচ এবাৰ কঁচা-এবাৰ পনীয়া হলে, পেটত বায়ু অধিক হলে জানিব লাগিব সেয়া ফ্লৰাইডে ৰোগীৰ পাক প্ৰণালীত কৰা অপকাৰৰ ফলত হৈছে৷ এইবিলাক নন স্কেলিটেল ফ্লুৰ'চিচৰ লক্ষণ৷



এখন গাঁৱৰ আক্ৰান্ত সকল

খোৱা পানীৰ ওপৰিও ঔদ্যোগিক প্ৰদূষণে নিৰ্গত কৰা পাৰিপাৰ্শ্বিকতাত উৎপন্ন হোৱা ফ্লৰাইডেও ফ্লুৰ'চিচ কৰিব পাৰে৷সীমিত পৰিমাণৰ টুথপেষ্টত থকা ফ্লৰাইডে দন্তক্ষয় ৰোধ কৰাৰ বিপৰীতে অধিক পৰিমাণৰ ফ্লৰাইডে দাঁতৰ অনিষ্ট কৰে৷কোনো শীতল পানীয় বা খাদ্য সামগ্ৰীত ফ্লৰাইড থাকিলে তাক ব্যৱহাৰ নকৰাই শ্ৰেয়৷

ফ্লুৰ'চিচৰ চিকিৎসাতকৈ ৰোগৰ প্ৰতি লবলগীয়া সতৰ্কতাৰ বেচি আৱশ্যক৷এবাৰ পংগুত্বক সাবতি লোৱা বা দাঁতসমূহ বিনষ্ট হোৱাৰ পিছত কোনো চিকিৎসাই আৰোগ্য প্ৰদান কৰিব নোৱাৰে৷অতি সাধাৰণভাৱে ৰোগত ভোগাসকলক কেলচিয়াম, ভিটামিন- চি, এন্টি অস্কিটেন্ট আৰু দাঁতৰ ৰঙক আবুৰ কৰা চিকিৎসা আদি প্ৰদান কৰা হয়৷

ৰোগ নোহোৱাকৈ থাকিবলৈ হলে 'ডিফ্লৰাইডেশ্বন'ৰ আৱশ্যক৷ ফ্লৰাইড নোহোৱা পানী খাবলৈ হলে ঘৰুৱাভাবে বা ৰাজহুৱাভাবে চৰকাৰে আক্ৰান্ত অঞ্চলসমূহত ফিল্টাৰৰ ব্যৱস্থা কৰিব লাগিব৷তেনে প্ৰদূষিত অঞ্চলৰ মাতৃসকলে শিশু সন্তানক পানীৰ সলনি মাতৃদুগ্ধ পান কৰাওক৷

দুই ধৰণৰ ফিল্টাৰ বৰ্তমান প্ৰচলিত - ( ১) ব'ন চাৰকোল (২) নালগোডা এক্টিভেটেড এলুমিনিয়াম চালফেট৷আকৌ যদি এণ্ডেমিক অঞ্চলত বেলেগ ঠাইৰ পৰা বিশুদ্ধ পানী আনি যোগান ধৰিলে বেচি খৰচ নহয় - তেনে ব্যৱস্থাও জনস্বাস্থ্য কাৰিকৰী বিভাগে কৰিব পাৰে৷

আকৌ যদি এণ্ডেমিক অঞ্চলত বেলেগ ঠাইৰ পৰা বিশুদ্ধ পানী আনি যোগান ধৰিলে বেচি খৰচ নহয় - তেনে ব্যৱস্থাও জনস্বাস্থ্য কাৰিকৰী বিভাগে কৰিব পাৰে৷

জানিবলৈ পোৱা মতে অসমৰ নগাওঁ আৰু কাৰ্বি আলং এই জিলা দুখনত অঞ্চলভেদে খোৱা পানীত থকা ফ্লৰাইডৰ পৰিমাণ হ'ল প্ৰতি লিটাৰত ২৫মিলিগ্ৰাম৷

অনুমান কৰা মতে অসমত ফ্লুৰ'চিচৰ ভূক্তভোগীৰ সংখ্যা কমেও একলাখ হব আৰু তাৰে অৰ্ধেক হব মহিলা৷

এই ফ্লুৰ'চিচৰ বিৰুদ্ধে যুঁজিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য বিভাগ,সমাজ কল্যাণ বিভাগৰ ওপৰিও চৰকাৰৰ সদিচ্ছাৰ একান্ত প্ৰয়োজন ৷

No comments:

Post a Comment